15 তেতিয়া যিহোৱাই তেওঁক ক’লে, "তুমি নিজ বাটে উলটি দম্মেচকৰ মৰুপ্ৰান্তলৈ যোৱা আৰু যেতিয়া তুমি তাত উপস্থিত হ’বা, তেতিয়া তুমি অৰামৰ ওপৰত ৰজা হ’বলৈ হজায়েলক অভিষেক কৰিবা; 16 আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহূক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল-মহোলাত থকা চাফটৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।