4 তাৰ পাছত গাত নিবাসী এজন বীৰ পলেষ্টীয়াসকলৰ ছাউনিৰ পৰা ওলাল, তেওঁৰ নাম গলিয়াথ, তেওঁ চাৰে ছয় হাত ওখ আছিল।
33 চৌলে দায়ূদক ক’লে, "তুমি সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ; কাৰণ তুমি কেৱল এজন যুৱক, আৰু তেওঁ যুৱক অৱস্থাৰে পৰা এজন যুদ্ধাৰু।"
37 দায়ূদে ক’লে, "যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সিংহ আৰু ভালুকৰ হাতৰ পৰা মোক ৰক্ষা কৰিলে, সেই যিহোৱাই সেই পলেষ্টীয়াজনৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিব।" তাতে চৌলে দায়ূদক ক’লে, "যোৱা, যিহোৱা তোমাৰ সঙ্গী হওক।"
40 তাৰ পাছত তেওঁ নিজৰ লাখুটি হাতত ল’লে, আৰু জুৰিৰ পৰা পাঁচোটা শীতল শিল বাচি লৈ, সেইবোৰ মেৰ-ছাগ ৰখীয়াৰ লাগতীয়াল বস্তু থোৱা জোলোঙাত ভৰাই ল’লে; আৰু ফিঙ্গাগছ হাতত লৈ সেই পলেষ্টীয়াজনৰ ওচৰলৈ গ’ল।
45 দায়ূদে সেই পলেষ্টীয়াজনক উত্তৰ দি ক’লে, "তুমি তৰোৱাল, বৰছা, আৰু যাঠি লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে, বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ সৈন্যসকলৰ ঈশ্ৱৰৰ নামেৰে আৰু তুমি যাক ইতিকিং কৰিছা, তেওঁৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ।
49 তাৰ পাছত দায়ূদে তেওঁৰ জোলোঙাত হাত সুমুৱাই এটা শিল উলিয়ালে আৰু ফিঙ্গাত থৈ পাক দি সেই পলেষ্টীয়াজনৰ কপালত এনেকৈ মাৰিলে যে, সেই শিল তাৰ কপালত বহি গ’ল; তাতে সি মাটিত তললৈ মুখ কৰি পৰি গ’ল।