1 হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে,
"মোৰ মনে যিহোৱাত আনন্দ কৰিছে;
মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে;
শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ
কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।
2 যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই,
কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই;
আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।