এলীৰ পুতেসকলৰ অসৎ কাৰ্য আৰু তাৰ ফল
12 এলীৰ পুতেক দুজন অসৎ2:12 বেলিয়াল আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল। 13 এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙহ সিজাওঁতে, পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহে; 14 আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে।
15 তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, "পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।" 16 কিন্তু মানুহজনে যদি তেওঁক কয়, "প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব", তেতিয়া তেওঁ কয়, "নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।" 17 সেয়েহে যিহোৱাৰ দৃ্ষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ’ল, কিয়নো সেই ডেকাসকলে যিহোৱাৰ নৈবেদ্য হেয়জ্ঞান কৰিছিল।