প্রভুৰ আগমণৰ কাৰণে প্রস্তুত হোৱা
1 হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই; 2 কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব। 3 যেতিয়া লোক সকলে "শান্তি আৰু নিৰাপত্তা" ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।