Pular para o conteúdo
Publicidade

2 কৰিন্থীয়া 11:23-30

23 তেখেত সকল খ্ৰীষ্টৰ দাস নে? হত বুদ্ধিৰ দৰে কৈছোঁ, মই তাতোকৈ অধিক; তাৰ প্ৰমাণ অধিক পৰিশ্ৰমত, বন্দীশালৰ অধিক বন্ধনত, অতিৰিক্ত কোবত, অনেকবাৰ প্ৰাণৰ সংশয়ত৷

24 অৰ্থাৎ পাঁচ বাৰ ইহুদী সকলৰ হাতেৰে "এক কম দুকুৰিকৈ" কোব খাইছিলোঁ৷ 25 তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, 11:25 পাঁ 14:19; 16:22৷ তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ; 26 অনেক যাত্ৰাত, নদীৰ সংকটত, ডকাইতৰ সংকটত, স্বজাতীয় সকলৰ পৰা হোৱা সংকটত, অনা-ইহুদী সকলৰ পৰা হোৱা সঙ্কটত, নগৰত থাকি পোৱা সঙ্কটত, মৰুভূমিত থাকি পোৱা সঙ্কটত, সাগৰত থাকি পোৱা সঙ্কটত, ভাঁৰিকোৱা ভাই সকলৰ মাজত থাকি পোৱা সঙ্কটত৷

27 পৰিশ্ৰম আৰু দুর্ভোগত আৰু বহু ৰাতিৰ টোপনি-খতিত, লঘোনে থকাত আৰু পিয়াহত আৰু একো খাদ্য নোহোৱাত, জাৰ পোৱাত আৰু উদঙে থকাত, মই এই সকলো ভোগ কৰিছিলোঁ৷ 28 এইবোৰ বিষয় বাদ দিলেও, বিশেষকৈ সকলো মণ্ডলীৰ চিন্তাই মোৰ দৈনিক ভাৰস্বৰূপ হৈ আছে। 29 কাৰ দূৰ্ব্বলতাত মই দূৰ্বল হোৱা নাই? কোনে আন এজনক পাপত পেলাই মোৰ অন্তৰত জ্বালা দিয়া নাই?

30 মই যদি গৌৰৱ কৰিব লগা হয়, তেনেহলে মোৰ নানা দূৰ্ব্বলতাৰ বিষয়ে মই গৌৰৱ কৰিম।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.