14 অবিশ্বাসী সকলৰ সৈতে আপোনালোক অসমানভাবে সংযুক্ত নহব; কিয়নো ধাৰ্মিকতা আৰু অধৰ্মৰ মাজত পৰস্পৰৰ কি সম্পৰ্ক? আন্ধাৰে সৈতে পোহৰৰ বা কি সহভাগিতা? 15 বেলিয়ালে6:15 ধুৰ্ত প্ৰকৃতিৰ লোক বা চয়তান সৈতে খ্ৰীষ্টৰ কি মিলন? অবিশ্বাসী জনৰ লগত বিশ্বাস কৰা জনৰ কি সম্পৰ্ক? 16 আৰু মূৰ্তিবোৰৰ সৈতে ঈশ্বৰৰ মন্দিৰৰ কি বিধান আছে? কিয়নো আমি জীৱনময় ঈশ্বৰৰ মন্দিৰ; এই বিষয়ে ঈশ্বৰে কৈছে, 6:16 লে 26:12 বোলে,
"মই তেওঁলোকৰ মাজত বসতি কৰি থাকিম আৰু অহা-যোৱা কৰিম;
মই তেওঁলোকৰ ঈশ্বৰ হ’ম
আৰু তেওঁলোক মোৰ লোক হ’ব।"
17 এতেকে,
প্ৰভুৱে কৈছে, 6:17 যিচ 52:11 "তোমালোকে সিহঁতৰ মাজৰ পৰা ওলাই আহা
আৰু পৃথক হোৱা,
আৰু কোনো অশুচি বস্তুক নুচুবা,
তাতে মই তোমালোকক গ্ৰহণ কৰিম,