Pular para o conteúdo
Publicidade

2 বংশাৱলি 20:3,4,15,17,22

3 তেতিয়া যিহোচাফটে ভয় কৰি যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে৷ তেওঁ যিহূদাৰ সকলো ফালে উপবাস ঘোষণা কৰিলে। 4 যিহূদাৰ লোকসকলে যিহোৱাৰ আগত সাহায্য যাচ্‌না কৰিবলৈ গোট খালে; যিহূদাৰ আটাই নগৰৰ পৰা লোকসকলে যিহোৱাক বিচাৰ কৰিবলৈ আহিল।

15 জহজীয়েলে ক’লে, "হে যিহূদা, যিৰূচালেমৰ নিবাসীসকল আৰু হে মহাৰাজ যিহোচাফট; তোমালোকে কাণ দিয়া: যিহোৱাই তোমালোকক এই কথা কৈছে: ‘তোমালোকে সেই অতিশয় অধিক লোক সমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।

17 এই যুদ্ধত তোমালোকে যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ’ব৷ হে যিহূদা আৰু যিৰূচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে যিহোৱাৰ সৈতে, যিহোৱাই কৰা নিস্তাৰ দেখিবা৷ তোমালোকে ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো যিহোৱা তোমালোকৰ লগত আছে’৷"

22 যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.