11 এইদৰে আটাইবোৰ ধ্বংস হবলৈ যোৱা দেখি, আপোনালোকে চিন্তা কৰকচোন, পবিত্ৰ ভক্তি আৰু আচাৰ-ব্যৱহাৰৰ যোগেদি আপোনালোক কেনেকুৱা লোক হোৱা উচিত? 12 পৰম আগ্ৰহেৰে ঈশ্বৰৰ সেই দিনৰ অপেক্ষাত থকা কাৰণে আকাশমণ্ডল পুৰি লয়প্ৰাপ্ত হ’ব আৰু মূলবস্তুবোৰ দগ্ধ হৈ গলি যাব। 13 কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্মিকতা নিবাস কৰে।
Publicidade