ইলীচাই কুঠাৰ ওপঙোৱা।
1 এদিন শিষ্য ভাববাদীসকলে ইলীচাক ক’লে, "চাওঁক, যি ঠাইত আমি আপোনাৰ লগত থাকো সেই ঠাই আমাৰ সকলোৰে কাৰণে অতি সৰু। 2 আপুনি অনুগ্রহ কৰি অনুমতি দিলে আমি যৰ্দ্দন নদীৰ কাষলৈ গৈ প্ৰতিজনে এডালকৈ গছ কাটি সেই ঠাইতে আমি থাকিবলৈ এডোখৰ ঠাই যুগুত কৰিম।" তাতে ইলীচাই ক’লে, "বাৰু, তোমালোক আগুৱাই যোৱা।" 3 তেতিয়া এজন শিষ্য-ভাৱবাদীয়ে ক’লে, "আপুনিও আপোনাৰ দাসবোৰৰ লগত ব’লক।" ইলীচাই কলে, "ঠিক আছে, ময়ো যাম।"
4 এইদৰে তেৱোঁ তেওঁলোকৰ লগত গ’ল। তেওঁলোকে যৰ্দ্দনৰ ওচৰলৈ গৈ গছ কাটিবলৈ ধৰিলে। 5 তেওঁলোকৰ মাজৰ এজনে যেতিয়া গছ কাটি আছিল, তেতিয়া তেওঁৰ কুঠাৰখন সুলকি গৈ পানীত পৰিল; তাতে তেওঁ চিঞঁৰ মাৰি ক’লে, "হায় হায়! হে প্ৰভু, মই এইখন আনৰ পৰা খুজি আনিছিলো!" 6 তেতিয়া ঈশ্বৰৰ লোকে সুধিলে, "সেইখন ক’ত পৰিল?" সেই লোকে ঠাইডোখৰ দেখুৱাই দিয়াত ইলীচাই এডোখৰ কাঠ কাটি আনি পানীত পেলাই দিলে; তেতিয়া লোহা ডোখৰ পানীত ওপঙি উঠিল। 7 ইলীচাই তেওঁক ক’লে, "সেইটো তুলি লোৱা।" তাতে তেওঁ হাত মেলি তাক ল’লে।