1 তাৰ পাছত যিহোৱাই দায়ূদৰ ওচৰলৈ নাথনক পঠিয়ালে। তেওঁ দায়ূদৰ ওচৰলৈ আহি ক’লে, "এখন নগৰত দুজন মানুহ আছিল, এজন ধনৱান আৰু আন জন দৰিদ্ৰ। 2 সেই ধনৱান জনৰ গৰু মেৰ আদিৰ বহুত জাক আছিল; 3 কিন্তু সেই দৰিদ্ৰ জনৰ এজনী সৰু চেঁউৰী মেৰ পোৱালিৰ বাহিৰে আৰু একোৱেই নাছিল যিটোক তেওঁ কিনি লৈ, খুৱাই-বোৱাই পুহি ৰাখিছিল৷ সেই মেৰ পোৱালিটি তেওঁৰ সৈতে তেওঁৰ ল’ৰা-ছোৱালীৰ লগত থাকি ডাঙৰ হৈছিল৷ তাই তেওঁৰ খোৱা বস্তুকে খাই, তেওঁৰ পাত্ৰতে পান কৰি তেওঁৰ বুকুতে শুইছিল আৰু তাই তেওঁৰ এজনী জীয়েকৰ নিচিনা আছিল।
4 এদিন সেই ধনৱান জনৰ ঘৰলৈ এজন আলহী আহিল, কিন্তু নিজৰ ঘৰলৈ অহা সেই আলহীৰ বাবে খাদ্য যোগাৰ কৰিবলৈ তেওঁ নিজৰ গৰু মেৰ আদিৰ জাকৰ পৰা একো আনিবলৈ ইচ্ছা নকৰিলে৷ তাৰ সলনি তেওঁ দৰিদ্ৰজনৰ মেৰ পোৱালিটিকে লৈ নিজৰ ওচৰলৈ অহা আলহীজনৰ বাবে ৰান্ধিলে। 5 তাতে দায়ূদে সেই মানুহজনৰ বিৰুদ্ধে অতিশয় ক্ৰুদ্ধ হৈ নাথনক ক’লে, "যিহোৱাৰ জীৱনৰ শপত, যি জন মানুহে সেই কাম কৰিলে, তেওঁ মৃত্যু পোৱাৰ যোগ্য৷ 6 কিয়নো দৰিদ্ৰ জনৰ প্ৰতি তেওঁৰ কোনো দয়াই নাথাকিল, সেই কাৰণে যিহেতু তেওঁ এনে কাম কৰিলে, সেই মেৰ পোৱালিৰ সলনি তেওঁ চাৰিগুণ ওভোটাই দিব লাগিব৷"
7 তেতিয়া নাথনে দায়ূদক ক’লে, "তুমিয়েই সেই মানুহজন! ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘ময়েই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলোঁ আৰু চৌলৰ হাতৰ পৰা তোমাক উদ্ধাৰ কৰিলোঁ। 8 মই তোমাক তোমাৰ প্ৰভুৰ গৃহ আৰু প্ৰভুৰ পত্নীসকলক তোমাৰ বাহুত দিলোঁ আৰু ইস্ৰায়েল ও যিহূদাৰ বংশ তোমাক দিলোঁ৷ যদি সেয়ে অলপ হোৱা হ’লে, মই তোমাক আৰু অধিক বস্তু দিলোঁহেঁতেন।
9 তেনেহলে তুমি কিয় যিহোৱাৰ বাক্য তুচ্ছ কৰি তেওঁৰ সাক্ষাতে কু-আচৰণ কৰিলা? তুমি হিত্তীয়া ঊৰিয়াক তৰোৱালৰ দ্বাৰাই হত্যা কৰিলা আৰু তেওঁৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা৷ অম্মোনৰ সৈন্যসকলৰ তৰোৱালৰ দ্বাৰাই ঊৰিয়াক বধ কৰালা। 10 এতেকে তৰোৱালে কেতিয়াও তোমাৰ বংশক এৰা নিদিব; কিয়নো তুমি মোক হেয়জ্ঞান কৰি হিত্তীয়া ঊৰিয়াৰ পত্নীক আনি নিজৰ পত্নী কৰি ৰাখিলা।’ 11 যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই তোমাৰ নিজ বংশৰ পৰা তোমাৰ বিৰুদ্ধে অমঙ্গল উৎপন্ন কৰিম আৰু তোমাৰ নিজ চকুৰ আগতে তোমাৰ পত্নীসকলক লৈ তোমাৰ চুবুৰীয়াক দিম; তাতে তেওঁলোকে সৌ সূৰ্যৰ সাক্ষাতে তোমাৰ পত্নীসকলৰ লগত শয়ন কৰিব। 12 কিয়নো তুমি গুপুতে এই কৰ্ম কৰিলা, কিন্তু মই হ’লে সকলো ইস্ৰায়েলৰ আৰু সূৰ্যৰ সাক্ষাতে এই কৰ্ম কৰোৱাম’।" 13 তেতিয়া দায়ূদে নাথনক ক’লে, "মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।" তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, "কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।