2 হে প্ৰিয়জন, আপোনাৰ জীৱাত্মা যেনে কুশলপ্ৰাপ্ত, তেনেকৈ সকলো বিষয়তে আপোনাৰ কুশল আৰু সু-স্বাস্থ্য হওক, এই মোৰ প্ৰাৰ্থনা। 3 যেতিয়া ভাই সকলে আহি আপোনাৰ অন্তৰত থকা সত্যৰ বিষয়ে, অৰ্থাৎ আপুনি যে সত্যক ধৰি ৰাখি জীৱন-যাপন কৰি আছে, সেই বিষয়ে সাক্ষ্য দিয়াত, মই অতিশয় আনন্দিত হ’লোঁ। 4 মোৰ সন্তান সকল সত্যত চলাৰ বাৰ্তা শুনিলে যি আনন্দ জন্মে, সেই বিষয়তকৈ অধিক আনন্দ মোৰ আন ক’ত নাই।
Publicidade