12 তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে, পৌলৰ বিপক্ষে উঠি, তেওঁক বিচাৰৰ আসনৰ সন্মূখলৈ আনিলে; 13 তেওঁলোকে কলে, "এই লোক জনে বিধানৰ বিৰুদ্ধে গৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ মানুহবোৰক উচটনি দিছে।" 14 পৌলে যেতিয়া কথা কবলৈ ইচ্ছা কৰিলে, তেতিয়া গাল্লিয়োৱে ইহুদী সকলৰ উদ্দেশ্যে কলে, "হে ইহুদী সকল, এয়ে অন্যায় বা আপত্তি জনক গোচৰ হোৱা হলে, মই তোমালোকৰ ওজৰ আপত্তি মানিলো হয়। 15 কিন্তু এই সকলো প্ৰশ্ন তোমালোকৰ বাক্য, নাম বা বিধানৰ বাদ-বিচাৰৰ কাৰণেহে ব্যৱহাৰ হয়, তেনেহলে এই বিষয়ে তোমালোকে নিজে বিচাৰ কৰি চাবা, এই বিষয়ে বিচাৰ কৰিবলৈ মই উৎসাহিত নহওঁ৷" 16 পাছত গেল্লিয়োৱে তেওঁলোকক বিচাৰৰ আসনৰ পৰা আতৰ কৰিলে। 17 তাতে তেওঁলোকে নাম-ঘৰৰ অধিকাৰী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহঁতে কৰা কামবোৰত গাল্লিয়োৱে মনোযোগ নিদিলে।
Publicidade
পাঁচনি সকলৰ কৰ্ম 18:12-17
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.