পিতৰে এজন খোৰাক সুস্থ কৰা আৰু তাৰ ফল
1 এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল। 2 তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰমুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে। 3 তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবৰ বাবে অনুৰোধ কৰিলে। 4 তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, "আমালৈ চোৱা"। 5 তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল। 6 তেতিয়া পিতৰে কলে, "মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা"। 7 তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে। 8 তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল। 9 তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে। 10 পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।