6 যেনেকৈ অব্ৰাহামে "ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসেই তেওঁৰ পক্ষে ধাৰ্মিকতাৰ স্বীকৃতি দিলে।" 7 তেনেদৰে আপোনালোকেও এই কথা জানক যে, যি সকলে বিশ্বাস কৰে, তেওঁলোকেই অব্ৰাহামৰ সন্তান। 8 ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, "সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।"3:8 আদি 12:3 9 সেয়েহে, অব্রাহাম বিশ্বাসী হোৱাত যেনেকৈ আশীর্বাদ পাইছিল, তেনেকৈ বিশ্বাসী সকলো অব্ৰাহামে সৈতে আশীৰ্বাদ প্ৰাপ্ত হয়।
Publicidade