Pular para o conteúdo
Publicidade

ইব্ৰীসকলৰ প্ৰতি পত্ৰ 10:3-10

3 কিন্তু সেই সকলোবোৰৰ দ্বাৰাই বছৰে বছৰে পাপহে সোঁৱৰণ কৰা হৈছে। 4 কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷ 5 এই হেতুকে খ্ৰীষ্টে জগতত সোমোৱা কালত কয়,

তুমি বলিদান আৰু নৈবেদ্যলৈ ইচ্ছা নকৰিলা, কিন্তু মোৰ বাবে শৰীৰ যুগুত কৰিলা;

6 হোমত আৰু পাপাৰ্থক বলিদানত তুমি সন্তুষ্ট নহ’লা;

7 তেতিয়া মই কলোঁ, চোৱা মই আহিলোঁ, পুস্তকত মোৰ বিষয়ে যেনেদৰে লিখা আছে, হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ10:7 গীতমালা 40:6-8।

8 তেওঁ পূৰ্বৰ বিৱৰণ অনুসৰি কয়, "বলিদান, নৈবেদ্য, হোম আৰু পাপাৰ্থক বলিদানলৈ তুমি ইচ্ছা নকৰিলা, আৰু সেইবোৰত সন্তুষ্টও নহ’লা," যদিও এইবোৰ বলিদান বিধান অনুসৰি উ‌‌ৎসৰ্গ কৰা হয়৷ 9 তাৰ পাছত ক’লে, "চোৱা মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ।" তেওঁ দ্বিতীয়টো স্থাপিত কৰিবৰ কাৰণে, প্ৰথমটো আতৰাই পেলালে। 10 সেইদৰে দ্বিতীয়টো স্থাপিত হোৱাৰ যোগেদি ঈশ্বৰৰ ইচ্ছাৰে আমি যীচু খ্ৰীষ্টৰ শৰীৰ বলিদান স্বৰূপে একেবাৰে উৎসৰ্গ কৰাৰ দ্বাৰাই পবিত্ৰীকৃত হলোঁ।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.