বীৰত্ব আৰু ধৈৰ্য আদি অৱলম্বন কৰিবলৈ আশ্বাসবাক্য
1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক, 2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
3 এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক।