অবিশ্বাসৰ বিষয়ে সতর্ক কৰা
7 এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে:
"আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা,
8 তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা-
যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল,
মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা।
12 ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়। 13 যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক। 15 এই বিষয়ে ইয়াকে কোৱা হৈছে,
"আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা,
তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা,
যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।" 3:15 গীত 95:95:7-8