45 ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, "মোচিয়ে বিধান-শাস্ত্রত যি জনৰ বিষয়ে লিখিছিল আৰু ভাৱবাদী সকলেও যি জনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।"
46 নথনেলে ফিলিপক ক’লে, "নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?" ফিলিপে তেওঁক ক’লে, "আহি চোৱাহি।" 47 যীচুৱে নথনেলক নিজৰ ফালে আহি থকা দেখি, তেওঁৰ বিষয়ে ক’লে, "এওঁক চোৱা, এজন প্রকৃত ইস্ৰায়েলী লোক। তেওঁৰ ভিতৰত একো ছলনা নাই!" 48 নথনেলে যীচুক সুধিলে, "আপুনি মোক কেনেকৈ চিনি পালে?" যীচুৱে উত্তৰ দি তেওঁক ক’লে, "ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।"
49 নথনেলে তেওঁক উত্তৰ দিলে, "ৰব্বি, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ! আপুনিয়েই ইস্ৰায়েলৰ ৰজা!" 50 যীচুৱে উত্তৰ দি তেওঁক ক’লে, "তোমাক ডিমৰু গছৰ তলত দেখিছিলোঁ, এই কথা কোৱাৰ কাৰণেই বিশ্বাস কৰিছা নেকি? ইয়াতকৈয়ো অনেক মহৎ বিষয় তুমি দেখিবলৈ পাবা।" 51 যীচুৱে ক’লে, "মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে স্বৰ্গৰ দুৱাৰ মুকলি হোৱা দেখিবা আৰু ঈশ্বৰৰ দূত সকলে মানুহৰ পুত্ৰৰ ওপৰেদি উঠি যোৱা আৰু নামি অহা দেখিবা।"