13 তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়। 14 তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।
15 তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা। 16 আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷