39 তেওঁৰ লগত নীকদীমো আহিছিল, এই জনে প্ৰথম বাৰ ৰাতি যীচুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল, তেৱোঁ আহি গন্ধৰস মিহলি কৰা প্ৰায় চৌত্ৰিশ কিলোগ্ৰাম সুগন্ধি আনিলে।
40 এইদৰে তেওঁলোকে যীচুৰ দেহ লৈ, ইহুদী সকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত থলে��