Pular para o conteúdo
Publicidade

যোহনে লিখা শুভবাৰ্তা 2:13-17

যীচুৱে যিৰূচালেমলৈ গৈ মন্দিৰ পৰিস্কাৰ কৰা

13 ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল। 14 তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ2:14 মূল গ্ৰীক ‘পেৰিট্ৰেৰা’ ইংৰাজীত ‘কপৌ’ লিখা আছে। চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে। 15 তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে। 16 যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, "ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।"

17 ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: "তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।"2:17 গীত 69:9

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.