যীচুৱে পিতৰক প্ৰশ্ন ধৰা, আৰু আদেশ দিয়া
15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, "হে যোহনৰ পুতেক চিমোন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰা নে?" পিতৰে তেওঁক ক’লে, "হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে"। যীচুৱে তেওঁক ক’লে, "মোৰ মেৰ-পোৱালি সকলক চৰোৱা।"
19 তেতিয়া যীচুৱে এই সকলো কথাৰে বুজাই দিলে যে, তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। এইদৰে কোৱাৰ পাছত যীচুৱে তেওঁক ক’লে, "মোৰ পাছে পাছে আহা।"