1 যীচু জৈতুন পৰ্বতলৈ গ’ল। 2 অতি ৰাতিপুৱাতে তেওঁ পুণৰ মন্দিৰলৈ আহিল; তেতিয়া সকলো মানুহ তেওঁৰ ওচৰলৈ অহাত তেওঁ বহি তেওঁলোকক উপদেশ দিবলৈ ধৰিলে। 3 তেনেতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে ব্যভিচাৰ কৰ্মত ধৰা এগৰাকী মহিলাক আনি তেওঁলোকৰ মাজত থলে। 4 তেওঁলোকে যীচুক সুধিলে, "হে গুৰু, এই মহিলা গৰাকী ব্যভিচাৰ কৰ্ম কৰোঁতেই ধৰা পৰিল। 5 এতিয়া, মোচিৰ বিধানত আমাক আজ্ঞা দিছে যে, এনে মহিলাক শিল দলিয়াই মাৰিব লাগে। এনে স্থলত আপুনি তাইৰ বিষয়ে কি কয়?" 6 এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে। 7 কিন্তু তেওঁলোকে যেতিয়া বাৰে বাৰে তেওঁক সুধিবলৈ ধৰিলে, তেওঁ মূৰ দাঙি তেওঁলোকক ক’লে, "আপোনালোকৰ মাজত যি জন নিষ্পাপী, তেৱেঁই প্ৰথমে তাইলৈ শিল দলিয়াওক।" 8 পাছত তেওঁ পুণৰ বাৰ তললৈ মূৰ কৰি মাটিত আঙুলিৰে লিখিব ধৰিলে। 9 এই কথা শুনি তেওঁলোকৰ বয়সীয়া সকলৰ পৰা আৰম্ভ কৰি শেষৰ জনলৈকে এজন এজনকৈ সকলো বাহিৰলৈ ওলাই গ’ল৷ অৱশেষত কেৱল যীচু আৰু তেওঁলোকৰ মাজত থিয় হৈ থকা সেই মহিলা গৰাকীহে সেই ঠাইত থাকিল। 10 যীচুৱে উঠি সেই মহিলা গৰাকীক সুধিলে, "হে নাৰী, তোমাক অপবাদ দিয়া সকল ক’ত গ’ল? তোমাক কোনেও দোষী নকৰিলে নেকি?" 11 তাই ক’লে, "নাই, কোনেও নকৰিলে প্ৰভু।" যীচুৱে ক’লে, "ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা পুনৰ পাপ নকৰিবা।"
Publicidade
যোহনে লিখা শুভবাৰ্তা 8
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.