বিচাৰকর্তা এহূদ
12 ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰায় কু-আচৰণ কৰি তেওঁৰ অবাধ্য হ’ল। ইস্রায়েলে কৰা দুষ্টতাৰ কার্যবোৰ দেখা পাই যিহোৱাই তেওঁলোকৰ অহিতে মোৱাবৰ ৰজা ইগ্লোনক শক্তিশালী কৰি তুলিলে। 13 অম্মোনীয়া আৰু অমালেকীয়াসকলক লগত লৈ ইগ্লোনে ইস্ৰায়েলক পৰাজিত কৰি খেজুৰ গছৰ চহৰ3:13 অর্থাৎ যিৰিহো নগৰ। নিজৰ অধীনলৈ আনিলে। 14 তাতে ইস্ৰায়েলৰ সন্তান সকল ওঠৰ বছৰ কাল মোৱাবৰ ৰজা ইগ্লোনৰ অধীন হৈ থাকিল। 15 ইয়াৰ পাছত পুনৰায় ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিবলৈ ধৰিলে আৰু যিহোৱাই তেওঁলোকৰ কাৰণে এহূদ নামৰ এজন উদ্ধাৰকৰ্তাক পঠালে। তেওঁ আছিল বিন্যামীনৰ বংশৰ গেৰাৰ পুতেক। তেওঁ বাওঁহতীয়া আছিল। মোৱাবৰ ৰজা ইগ্লোনক কৰ দিবৰ কাৰণে ইস্ৰায়েলৰ সন্তান সকলে তেওঁক পঠাইছিল।
16 এহূদে নিজৰ কাৰণে এখন এহাত দীঘল দুধৰীয়া তৰোৱাল গঢ়াই সোঁ কৰঙণত কাপোৰৰ তলত তাক বান্ধি ল’লে। 17 তেওঁ গৈ মোৱাবৰ ইগ্লোনক ৰজাক সেই কৰ আদায় দিলে; এই ইগ্লোন এজন অতিশয় শকত মানুহ আছিল। 18 কৰ দি এটোৱাৰ পাছত কৰ অনা লোকসকলক তেওঁ পঠাই দিলে। 19 কিন্তু তেওঁ নিজে হ’লে গিলগলৰ ওচৰত প্রতিমা খোদাই কৰা শিলবোৰ পর্যন্ত গৈ ঘুৰি আহি ক’লে, "মহাৰাজ, আপোনাক মোৰ এটা গোপন সংবাদ দিবলৈ আছে।" ৰজাই নিজৰ লোকসকলক ক’লে, "তোমালোকে মনে মনে থাকা"; তাতে তেওঁৰ লোকসকল কোঁঠাটোৰ পৰা গুছি গ’ল। 20 সেই সময়ত ৰজা ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত অকলে বহি আছিল; এহূদে তেওঁৰ কাষলৈ চাপি গৈ ক’লে, "আপোনাক ঈশ্বৰৰ পৰা অহা এটি বার্তা মোৰ ক’ব লগা আছে।" ৰজাই নিজৰ আসনৰ পৰা উঠি থিয় হ’ল। 21 তাতে এহূদে বাওঁহাত মেলি সোঁ কৰঙণৰ পৰা সেই তৰোৱাল লৈ তেওঁৰ পেটত সোমোৱাই দিলে। 22 নালেৰে সৈতে তৰোৱালখন পেটত সোমাই পিঠিফালে কিছু ওলাই গ’ল আৰু চর্বিত ঢাক খাই গ’ল; তেওঁ ইগ্লোনৰ পেটৰ পৰা তৰোৱালখন টানি বাহিৰ কৰি নুলিয়ালে। 23 পাছত এহূদে বাৰাণ্ডালৈ ওলাই আহিল; ওপৰ কোঁঠালিৰ দুৱাৰবোৰ বন্ধ কৰি তলা মাৰি দিলে।
24 এহূদ বাহিৰলৈ ওলাই যোৱাৰ পাছত ৰজাৰ ভৃত্যবোৰে আহি দেখিলে যে ওপৰ কোঁঠালিৰ দুৱাৰবোৰত তলা মাৰি বন্ধ কৰা হৈছে। সিহঁতে ক’লে, "ৰজাই নিশ্চয়ে ওপৰ কোঁঠালিৰ ঠাণ্ডা ঘৰত মলমূত্র ত্যাগ কৰি আছে।" 25 বহু সময় ধৰি অপেক্ষা কৰিলে, কিন্তু ৰজাই দুৱাৰ নোখোলা দেখি সিহঁত চিন্তিত হ’ল আৰু সেয়ে চাবি আনি দুৱাৰ খোলাত সিহঁতৰ প্ৰভুক মজিয়াত মৃত অৱস্থাত পৰি থকা দেখিলে।
26 ভৃত্যবোৰে অপেক্ষাৰে কি কৰিব চিন্তা কৰি থকা সময়তে এহূদে পলাই গৈ মূর্ত্তি খোদাই কৰা শিলবোৰ পাৰ হৈ চিয়ীৰালৈকে গৈ ৰক্ষা পালে। 27 সেই ঠাই পাই তেওঁ ইফ্ৰয়িমৰ পৰ্ব্বতত শিঙা বজালে; পাছত ইস্ৰায়েলবাসীয়ে তেওঁৰে সৈতে পৰ্ব্বতৰ পৰা নামি আহিল; এহূদে তেওঁলোকৰ নেতৃত্ব দিলে। 28 তেওঁ তেওঁলোকক ক’লে, "মোৰ পাছে পাছে আহঁক; যিহোৱাই আপোনালোকৰ শত্ৰু মোৱাবীয়াহঁতক পৰাজিত কৰি আপোনালোকৰ হাতত তুলি দিলে।" তাতে তেওঁলোকে তেওঁৰ পাছে পাছে নামি গৈ, মোৱাবৰ ওচৰত যৰ্দ্দন নদীৰ পাৰৰ যি যি ঠাই খোজ কাঢ়ি পাৰ হ’ব পাৰি সেইবোৰ দখল কৰি ল’লে আৰু তেওঁলোকে কাকো নদী পাৰ হ’বলৈ নিদিলে। 29 সেই সময়ত তেওঁলোকে প্ৰায় দহ হাজাৰ মোৱবীয়া লোকক বধ কৰিলে। মোৱাবীয়াসকল হৃষ্ট-পুষ্ট বীৰ পুৰুষ আছিল; কিন্তু কোনোৱে পলাই যাব নোৱাৰিলে। 30 সেই দিনাই মোৱাব দেশ ইস্ৰায়েলবাসীৰ ক্ষমতাৰ অধীন কৰা হ’ল আৰু তাৰ পাছত আশী বছৰলৈকে দেশত শান্তি বিৰাজ কৰিলে।