34 তেতিয়া মৰিয়মে স্বর্গৰ দূতক ক’লে, "ই কেনেকৈ সম্ভৱ হব পাৰে? কাৰণ মই এজনী কুমাৰী।" 35 তেতিয়া স্বর্গৰ দূতে উত্তৰ দি তেওঁক ক’লে, "পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব, আৰু সর্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্র গর্ভফলৰ নাম ঈশ্বৰৰ পুত্র বুলি প্রখ্যাত হব, 36 আৰু চোৱা, তোমাৰ আত্মীয় এলীচাবেতে বৃদ্ধাকালতো গর্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে; যদিও তেওঁক লোকে বাঁজী বুলিছিল, কিন্তু তেওঁ এতিয়া ছয় মাহৰ গর্ভৱতী। 37 কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়।" 38 মৰিয়মে ক’লে, "প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰে হওক।" ইয়াৰ পাছতে স্বর্গৰ দূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ’ল।
Publicidade
লূকে লিখা শুভবার্তা 1
Estes versículos te tocaram? Ore agora!
+581 estão orando agora.
Junte-se à corrente de oração.