এজন দয়ালু চমৰীয়াৰ দৃষ্টান্ত
25 ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, "হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?" 26 তেতিয়া যীচুৱে ক’লে, "বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?" 27 তেওঁ উত্তৰ দি ক’লে, "তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, 10:27 দ্বি বি 6:5; লে 19:18আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।" 28 তেতিয়া যীচুৱে তেওঁক ক’লে, "তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷" 10:28 ৰো 10:5; গাল 3:11-14