2 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, "তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ,11:2 ৰো 8:15 তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক;
3 আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া। 4 আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ।11:4 মথি 18:21-35 আৰু আমাক পৰীক্ষালৈ নিনিবা’।"