প্রকৃত শিষ্যৰ লক্ষণ
25 তেতিয়া যীচুৰ সঙ্গে সঙ্গে এদল মানুহ গৈ আছিল, যাওঁতে তেওঁ মুখ ঘূৰাই সেই লোক সকলৰ ফালে চাই ক’লে, 26 "কোনোৱে মোৰ ওচৰলৈ আহি নিজৰ মাক, বাপেক, তিৰোতা, সন্তান, ভায়েক, ভনীয়েক আনকি নিজৰ জীৱনকো অপ্ৰিয় বুলি নামানে, তেনেহলে তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে। 27 যি কোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছত আহিব নোৱাৰে, তেৱোঁ মোৰ শিষ্য হব নোৱাৰে।
28 কিয়নো গড় কাৰেং বান্ধিবলৈ মন কৰিলে, প্ৰথমতে বহি তাৰ কিমান খৰচ আৰু ইয়াক সম্পূর্ণ কৰিবলৈ সমর্থ আছে নে নাই, এই বিষয়ে গণনা নকৰা আপোনালোকৰ মাজত কোন আছে? 29 তেওঁ ভেটি তুলি যদি সম্পূর্ণ কৰিব নোৱাৰে, তেনেহলে এই কর্ম চাই থকা লোক সকলে তেওঁক বিদ্ৰূপ কৰি ক’ব ধৰিব, 30 ‘এই মানুহ জনে সাজিবলৈ আৰম্ভ কৰিলে কিন্তু সম্পূর্ণ কৰিব নোৱাৰিলে’।
31 অথবা অন্য এজন ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে প্ৰথমতে বহি চিন্তা নকৰিব নে, যে তেওঁৰ দহ হাজাৰ সৈন্যই বিপক্ষৰ বিশ হাজাৰ সৈন্যৰ বিৰুদ্ধে যুজিব পাৰিব নে নোৱাৰিব? 32 যদি নোৱাৰে তেনেহলে সি জন ৰজা দূৰৈত থাকোতেই, কটকী পঠিয়াই শান্তিৰ বাবে সন্ধিৰ কথা সুধিব। 33 এতেকে আপোনালোকৰ যি কোনোৱে নিজৰ সর্বস্ব ত্যাগ নকৰে, তেওঁ মোৰ শিষ্য হ’ব নোৱাৰে।