7 তেতিয়া লোক সকলে প্ৰধান ঠাই মনোনীত কৰি লোৱা দেখি, যীচুৱে তেওঁলোকক দৃষ্টান্ত দি ক’লে, 8 "কোনোবাই তোমাক বিয়াৰ ভোজলৈ নিমন্ত্ৰণ কৰিলে, প্ৰধান ঠাইত নবহিবা; কিজানি তোমাতকৈ মান্যৱন্ত কোনো মানুহ নিমন্ত্ৰণ হৈছে; 9 পাছত তেনে কৰিলে, যি জনে তোমালোক দুয়োকে নিমন্ত্ৰণ কৰিছে; তেওঁ আহি তোমাক ক’ব, ‘এওঁক তোমাৰ ঠাইতো এৰি দিয়া’। তেতিয়া তুমি লাজত পৰিবা, কাৰণ তুমি গৈ সকলোতকৈ চাপৰ ঠাইত বহিব লাগিব।
10 কিন্তু যেতিয়া নিমন্ত্ৰিত হৈও চাপৰ ঠাইত বহিবা; তেতিয়া তোমাক নিমন্ত্ৰণ কৰা জন আহি দেখিলে ক’ব, ‘হে বন্ধু, ওখ ঠাইলৈ যোৱা’; তেতিয়া তোমাৰ সৈতে ভোজনত বহা সকলোৰে আগত তুমি মৰ্যদা পাবা। 11 কিয়নো যি কোনোৱে নিজকে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; আৰু যি কোনোৱে নিজকে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।