Pular para o conteúdo
Publicidade

লূকে লিখা শুভবার্তা 15:11-13,20,22,24

11 তেওঁ পুনৰ ক’লে, "কোনো এজন মানুহৰ দুজন পুতেক আছিল; 12 সৰুটোৱে বাপেকক ক’লে, ‘দেউতা ধন, সম্পত্তিৰ যি ভাগ মই পাওঁ, সেই ভাগ মোক দিয়ক’। তেতিয়া তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগাই দিলে।

13 অলপ দিনৰ পাছত, সেই জন সৰু পুতেকে সকলো গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাত লম্পট আচৰণ কৰি সকলো সম্পত্তি অপব্যয় কৰিলে।

20 পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত চুমা খালে।

22 কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে; 24 কিয়নো মোৰ এই লৰা মৰি গৈছিল আৰু এতিয়া এওঁ জীৱন পাইছে। এওঁ হেৰাই গৈছিল কিন্তু এতিয়া বিচাৰি পাইছোঁ’। এনেদৰে কৈ তেওঁ আনন্দ কৰিবলৈ ধৰিলে।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.