Pular para o conteúdo
Publicidade

লূকে লিখা শুভবার্তা 22:24-27

শিষ্য সকলক অনুযোগ কৰা, আৰু পিতৰক সতৰ্ক কৰা

24 তেওঁলোকৰ মাজত কোন জনক শ্ৰেষ্ঠ বুলি মনা হ’ব, সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ-বিবাদ হ’ল।22:24 মথি 20:25, 26; মাৰ্ক 9:34: 10:42; লূক 9:46 25 কিন্তু তেওঁ তেওঁলোকক ক’লে, "অনা-ইহুদী ৰজা সকলে তেওঁলোকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁলোকৰ মাজত ক্ষমতা পোৱা অধিকাৰী সকলক ‘উপকাৰক’ বুলি কোৱা হয়।

26 কিন্তু তোমালোক তেনেকুৱা নহবা৷ তোমালোকৰ মাজত যি জন শ্ৰেষ্ঠ, তেওঁ সৰু এজনৰ নিচিনা হওক; আৰু যি জন প্ৰধান, তেওঁ পৰিচাৰকৰ নিচিনা হওক। 27 কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ? ভোজনত বহা জন নে, পৰিচাৰক জন? ভোজনত বহা জন নহয় নে? কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছোঁ৷22:27 মথি 20:26-28; যো 13:13, 14; ফিল 2:7

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.