33 পাছত মূৰৰ লাউখোলা23:33 আন এটা নাম গলগথা (কালভাৰি) নামেৰে ঠাই পোৱাত, তাতে তেওঁক আৰু তেওঁৰ সোঁফালে এজন আৰু বাওঁফালে এজন, এইদৰে সেই দুজন দুষ্কর্মী মানুহকো ক্রুচত দিলে। 34 তেতিয়া যীচুৱে ক’লে, "হে পিতৃ, এওঁলোকক ক্ষমা কৰা;23:34 মথি 5:44; পাঁ 3:17, 7:60 কিয়নো এওঁলোকে কি কৰিছে, সেই বিষয়ে নাজানে।" পাছত তেওঁলোকে চিঠি খেলি তেওঁৰ বস্ত্ৰ ভগাই ললে। 35 আৰু লোক সকলে থিয় হৈ চাই থাকোতে23:35 গীত 22:17, 18 শাসনকর্তা সকলে তেওঁক উপহাস কৰি ক’লে, 23:35 গীত 22:6-8 "ই আন লোককহে ৰক্ষা কৰিব পাৰিলে৷ যদি ই ঈশ্বৰৰ সেই অভিষিক্ত 23:35 অভিষিক্ত খ্ৰীষ্টআৰু তেওঁৰ মনোনীত জন হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।"
36 সেনাবোৰেও ওচৰলৈ আহি, তেওঁক চিৰকা যাচি23:36 গীত 69:21 ঠাট্টা কৰি ক’লে, 37 "আপুনি যদি ইহুদী সকলৰ ৰজা হয়, তেনেহলে নিজকে নিজে ৰক্ষা কৰক।" 38 আৰু "এওঁ ইহুদী সকলৰ ৰজা"। এই বুলি লিখা এখন জাননী তেওঁৰ ওপৰত লিখি দিলে।
39 তেতিয়া ক্ৰুচত আঁৰি থোৱা সেই দুজন দুষ্কর্মীৰ এজনে তেওঁক নিন্দা কৰি ক’লে, "আপুনি খ্ৰীষ্ট নহয় নে? আপুনি নিজকে আৰু আমাকো ৰক্ষা কৰক।" 40 কিন্তু আনজনে সেই দুষ্কৰ্মীক ডবিয়াই ক’লে, "তুমি একেই দণ্ডত থাকিও ঈশ্বৰলৈ ভয় নকৰা নে? 41 আমি হলে ন্যায় দণ্ডৰ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷"
42 পাছত তেওঁ ক’লে, "হে যীচু, আপুনি আপোনাৰ ৰাজ্যলৈ আহিলে, মোকো সুৱঁৰিব।" 43 যীচুৱে তেওঁক ক’লে, "মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।"