Pular para o conteúdo
Publicidade

লূকে লিখা শুভবার্তা 4:16-21

16 এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত4:16 নাম-ঘৰ: এই ঠাইত ইহুদী সকলে প্রার্থনা, শাস্ত্রপাঠ আৰু সাধাৰণ সভাৰ কাৰণে গোট খায়। সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল। 17 তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:

18 "প্ৰভুৰ আত্মা মোৰ ওপৰত আছে,

কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে।

তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা

আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে।

চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।

19 ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা

কৰিবলৈ মোক পঠালে।" 4:19 যিচয়া 61:1-2

20 পাছত যীচুৱে পুস্তক খন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নাম-ঘৰত উপস্থিত থকা লোক সকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল। 21 তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, "ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে, সেয়া আজি পূর্ণ হ’ল।"

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.