আচৰিতৰূপে অনেক মাছ ধৰা
1 এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল। 2 এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে। 3 তাৰে এখন নাৱত যীচু উঠিল, সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে; তাৰ পাছত তেওঁ নাৱত বহিল আৰু তাৰ পৰাই লোক সকলক শিক্ষা দিব ধৰিলে।
4 তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, "এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।" 5 চিমোনে উত্তৰ দি ক’লে, "হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।" 6 পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে। 7 তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল। 8 ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, "প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।" 9 ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল। 10 চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, "ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।" 11 পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।