21 কিন্তু মোৰ মনত ইয়াক পুনৰায় সোঁৱৰণ কৰোঁ, এই হেতুকে মোৰ আশা আছে।
22 আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য নিয়ম; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
23 তেওঁৰ কৰুণাময় কাৰ্য প্ৰতি প্ৰভাততে নতুন হয়; তোমাৰ বিশ্বস্ততা মহৎ!
24 মোৰ প্ৰাণে কয়, "যিহোৱায়েই মোৰ অংশ," এই হেতুকে মই তেওঁত ভাৰসা কৰিম।
25 যিহোৱালৈ অপেক্ষা কৰোঁতা সকললৈ, তেওঁক বিচাৰোঁতাসকলৰ জীৱনলৈ তেওঁ মঙ্গলময়।
26 যিহোৱাৰ পৰিত্ৰাণলৈ আশা কৰি নীৰৱে বাট চাই থকাই ভাল।