5 তুমি মিহি আটাগুৰি লৈ, বাৰটা পিঠা তন্দুৰত তাও দিবা; প্ৰত্যেক পিঠাত ঐফাৰ দহভাগৰ দুভাগ আটাগুৰি হ’ব। 6 তাৰ পাছত তুমি শাৰীত ছটাকৈ দুশাৰী কৰি যিহোৱাৰ আগত শুদ্ধ সোণৰ মেজখনৰ ওপৰত সেইবোৰ ৰাখিবা।
7 আৰু প্ৰত্যেক শাৰীৰ ওপৰত নিৰ্ম্মল ধূপ-ধূনা দিবা; তাতে সেই পিঠাৰ ওপৰত সেয়ে সোঁৱৰণৰ অৰ্থে হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ হ’ব। 8 আৰু পুৰোহিতে প্ৰত্যেক বিশ্ৰাম-বাৰে যিহোৱাৰ আগত সেই পিঠা সদায় সজাই থ’ব; সেয়ে চিৰস্থায়ী নিয়মৰ চিন স্বৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হ’ব। 9 আৰু সেয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ উপহাৰ হ’ব। কোনো পবিত্ৰ ঠাইত তেওঁলোকে তাক ভোজন কৰিব; কিয়নো যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ বোৰৰ মাজত সেয়ে অতি পবিত্ৰ; সেয়ে তেওঁৰ চিৰস্থায়ী অধিকাৰ।"