যাকোব আৰু যোহনৰ নিবেদন আৰু যীচুৰ উত্তৰ
35 পাছত চিবদিয়ৰ পুতেক যাকোব আৰু যোহনে তেওঁৰ ওচৰলৈ আহি ক’লে, "হে গুৰু, আমি আপোনাক যিহকে খোজো, তাকে যেন আপুনি আমাৰ বাবে কৰিব আমি এনে ইচ্ছা কৰোঁ।" 36 তেওঁ তেওঁলোকক ক’লে, "মই তোমালোকৰ বাবে কি কৰাতো তোমালোকে ইচ্ছা কৰা?" 37 তেওঁলোকে ক’লে, "আপোনাৰ প্ৰতাপৰ ৰাজত্বত আমাৰ এজনে যেন আপোনাৰ সোঁ হাতে আৰু এজনে যেন বাওঁহাতে বহিবলৈ পায়, এনে অনুমতি দিয়ক।"