অন্ধ বাৰতীময়ক চকু দিয়া
46 তাৰ পাছত তেওঁলোক যিৰীহো নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্য সকলৰ সৈতে বহু লোকৰ লগত যিৰিহো নগৰৰ পৰা গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তীময়ৰ পুতেক বাৰতীময় নামৰ এজন অন্ধ ভিখাৰী বহি আছিল। 47 সেই বাটেদি নাচৰতীয়া যীচু আহি থকা বুলি শুনি, তেওঁ আটাহ পাৰি ক’বলৈ ধৰিলে, "হে দায়ুদৰ সন্তান যীচু, মোক দয়া কৰক!" 48 তাতে অন্ধ মানুহ জনক মনে মনে থাকিবলৈ অনেক লোকে ডবিয়ালে; কিন্তু তেওঁ অধিককৈ আটাহ পাৰি ক’লে, "হে দায়ুদৰ সন্তান, মোক দয়া কৰক!"
49 তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে�� তেতিয়া লোক সকলে সেই অন্ধক ক’লে- "ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।" 50 তাতে তেওঁ নিজৰ কাপোৰ পেলাই, জাঁপ মাৰি উঠি, যীচুৰ ওচৰলৈ আহিল।
51 তেতিয়া যীচুৱে তেওঁক উত্তৰ দি সুধিলে, "মই তোমাৰ বাবে কি কৰাতো তোমাৰ ইচ্ছা?" তাতে সেই অন্ধই তেওঁক ক’লে, "ৰব্বুণি, মই যেন দেখিবলৈ পাওঁ।" 52 তেতিয়া যীচুৱে তেওঁক ক’লে, "যোৱা�� তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।" তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।