6 কিন্তু সৃষ্টিৰ আদিতে ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজিলে।
7 ‘এই হেতুকে পুৰুষে নিজৰ পিতৃ-মাতৃক এৰি তেওঁৰ ভাৰ্য্যাত আসক্ত হব,
8 আৰু দুয়ো এক দেহ হ’ব। 10:8 আদি 1:27; 2:24 গতিকে তেওঁলোক, পুনৰ দুজন নহয়, কিন্তু এক দেহ।’
9 এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে, তেওঁক কোনো মানুহে বিয়োগ নকৰক।"