Pular para o conteúdo
Publicidade

মাৰ্কে লিখা শুভবাৰ্তা 5:35-42

35 তেওঁ এই কথা কয় থাকোতে, নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰৰ পৰা মানুহবোৰে আহি ক’লে, "তোমাৰ ছোৱালী মৰিল৷ গুৰুক পুনৰ কিয় কষ্ট দিয়া?"

36 কিন্তু যেতিয়া সেই বাক্য যীচুৰ কাণত পৰিল, তেওঁ নাম-ঘৰৰ অধিকাৰী জনক কলে, "ভয় নকৰিবা; বিশ্বাস মাথোন ৰাখা।" 37 পাছত পিতৰ, যাকোব আৰু যাকোবৰ ভায়েক যোহন কিন্তু তেওঁলোকৰ বাহিৰে আন কাকো তেওঁৰ লগত থাকিব নিদিলে। 38 তেওঁলোকে নাম-ঘৰৰ অধিকাৰী জনৰ ঘৰলৈ আহি তাতে ক্ৰন্দন আৰু বৰ বিলাপ কৰাবোৰক দেখিলে।

39 পাছত যীচুৱে ভিতৰলৈ সোমাই, তেওঁলোকক ক’লে, "তোমালোকে কিয় বিলাপ আৰু ক্ৰন্দন কৰিছা? 40 ছোৱালী জনী মৰা নাই, টোপনিতহে আছে।" তাতে তেওঁলোকে তেওঁক হাঁহিলে। কিন্তু তেওঁ সকলোকে বাহিৰ কৰি, ছোৱালী জনীৰ মাক-দেউতাক আৰু তেওঁৰ সঙ্গী সকলক লগত লৈ, যি ঠাইত ছোৱালী জনী আছিল, সেই ঠাইলৈ গ’ল।

41 পাছত তেওঁ ছোৱালী জনীৰ হাতত ধৰি তাইক কলে, "টালিথা কুমী"; অৰ্থাৎ, "আইটি, মই তোমাক কওঁ, উঠা।" 42 সেই মুহুর্ওতে ছোৱালী জনীয়ে উঠি খোজ কাঢ়িলে, (কিয়নো তাইৰ বয়স বাৰ বছৰ হৈছিল) ৷ তেতিয়া তেওঁলোকে অতিশয় বিস্ময় মানিলে।

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.