নিজ শত্ৰুবোৰৰ ওপৰত ঈশ্বৰে সধা প্ৰতিকাৰ
2 যিহোৱা নিজ মৰ্য্যদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধোতা ঈশ্বৰ; যিহোৱা প্ৰতিকাৰ সাধোতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ; যিহোৱাই তেওঁৰ নিজ বিৰোধী সকলৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ কাৰণে ক্ৰোধ ৰাখে। 3 যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
4 তেওঁ সমুদ্ৰক ধমকি দি শুকুৱাই পেলায় আৰু আটাই নদ-নদী শুকান কৰে; বাচানৰ সৈতে কৰ্মিল অৱসন্ন হ’ল, লিবানোনৰ ফুলবোৰো শুকাই গ’ল। 5 তেওঁৰ ভয়ত পৰ্ব্বতবোৰ কঁপে আৰু গিৰিবোৰ দ্রৱীভূত হয়; তেওঁৰ আগত পৃথিৱী, এনে কি, জগতখন আৰু তাৰ সকলো নিবাসী ভাগি পৰে।
6 তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
7 যিহোৱা মঙ্গলময়, সঙ্কটৰ দিনা তেওঁ দৃঢ় কোঁঠাস্বৰূপ; আৰু তেওঁত আশ্ৰয় লোৱা লোকসকলক তেওঁ জানে। 8 কিন্তু তেওঁৰ শত্রুসকলক তেওঁ বানপানীৰ ধলৰ দ্বাৰাই সম্পূ্ৰ্ণকৈ শেষ কৰিব আৰু তেওঁ সেই লোকসকলক আন্ধাৰলৈ খেদি পঠাব।