11 মই যিৰূচালেমলৈ আহিলোঁ, আৰু তাত তিনি দিন থাকিলোঁ। 12 মই ৰাতিয়ে উঠিলো, তাতে মই আৰু কেইজন মান পুৰুষ মোৰ সৈতে আছিল। যিৰূচালেমৰ অৰ্থে যি কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ মনত উদগণি দিলে, সেই কথা মই কাৰো আগত নক’লোঁ। মই উঠি অহা জন্তুটোৰ বাহিৰে আন কোনো জন্তু মোৰ লগত নাছিল।
13 মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ। 14 তাৰ পাছত মই ভুমুক-দুৱাৰ আৰু ৰজাৰ পুখুৰীলৈকে গ’লোঁ। মই উঠি যোৱা জন্তুটো যাবৰ বাবে সেই ঠাই অতি ঠেক আছিল।
15 সেয়ে মই ৰাতি উপত্যকায়েদি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ, আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ। 16 মই ক’লৈ গৈছিলোঁ, আৰু কি কৰিলোঁ, সেই বিষয়ে শাসনকৰ্ত্তাসকলে জনা নাছিল। তেতিয়ালৈকে মই যিহুদীসকলক, বা পুৰোহিতসকলক, বা প্ৰধান লোকসকলক, বা শাসনকৰ্ত্তাসকলক, বা অৱশিষ্ট যিসকল লোকে কাম কৰিছিল, তেওঁলোককো একো কোৱা নাছিলোঁ।