14 সেয়ে সেই সময়ৰ পৰা মই যিহূদা দেশত ৰজা অৰ্তক্ষত্ৰ ৰাজত্ব কালৰ বিশ বছৰৰ পৰা বত্ৰিশ বছৰলৈকে তেওঁলোকৰ দেশাধ্যক্ষ নিযুক্ত হৈছিলোঁ। নহয় মই নাইবা মোৰ ভাইসকলে এই বাৰ বছৰ দেশাধ্যক্ষৰ বাবে যোগান ধৰা আহাৰ খোৱা নাছিলোঁ। 15 কিন্তু পূৰ্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ।
16 মই দেৱালৰ কামো একেৰাহে কৰি আছিলোঁ, আৰু আমি মাটি কিনা নাছিলোঁ। মোৰ সকলো দাস সকলে কামৰ বাবে সেই ঠাইলৈ আহি গোট খালে। 17 আমাৰ চাৰিওফালে থকা দেশৰ মাজৰ পৰা যি সকল লোক আমাৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ উপৰিও মোৰ মেজত বহা যিহুদী আৰু কৰ্মচাৰী লোকসকল সৰ্ব্বমুঠ এশ পঞ্চাশ জন আছিল।
18 সেই সময়ত প্ৰতিদিনেই এটা ষাঁড়-গৰু, ছটা উত্তম মেৰ-ছাগ, আৰু চৰাইবোৰো প্রস্তুত কৰা হৈছিল, আৰু প্রতি দহ দিনত সকলো বিধৰ দ্ৰাক্ষাৰস অধিক পৰিমাণে যুগুত কৰা হৈছিল। তথাপিও এই সকলোৰ বাবে মই দেশাধ্যক্ষৰ আহাৰৰ খৰছ দাবী কৰা নাছিলোঁ, কাৰণ লোকসকলৰ বাবে এই দাবী অসুবিধাজনক হ’লহেঁতেন।
19 হে মোৰ ঈশ্বৰ, এই লোকসকলৰ অৰ্থে মই যিবোৰ কাম কৰিলোঁ, তাৰ বাবে মোক সোঁৱৰণ কৰক।