লোক সকলক শিক্ষা দিয়া, আৰু পঁজা-পৰ্ব্ব পালন কৰা। সপ্তম মাহত ইস্ৰায়েলৰ সন্তান সকল নিজৰ নগৰত আছিল।
1 জল-দুৱাৰৰ আগত থকা মুকলি ঠাইত এটা উদ্দেশ্যৰ কাৰণে সকলো লোকে নিজকে একগোট কৰিলে। ইস্ৰায়েলৰ বাবে যিহোৱাই আদেশ কৰা মোচিৰ ব্যৱস্থা পুস্তক আনিবলৈ তেওঁলোকে ইজ্ৰা অধ্যাপকক ক’লে। 2 সপ্তম মাহৰ প্ৰথম দিনা ইজ্ৰা পুৰোহিতে সমাজৰ আগলৈ, স্ত্ৰী-পুৰুষ আদি যিমান লোকে শুনিব আৰু বুজিব পাৰে, তেওঁলোকৰ ওচৰলৈ সেই পুস্তক আনিলে। 3 জল-দুৱাৰৰ আগত থকা মুকলি ঠাইৰ ফালে মুখ কৰি, স্ত্ৰী-পুৰুষ আদি যিমানে বুজিব পাৰে, তেওঁলোকৰ আগত তেওঁ ৰাতিপুৱাৰে পৰা দুপৰ বেলালৈকে তাক পাঠ কৰিলে। সকলো লোকে সেই ব্যৱস্থা-পুস্তকৰ কথা মনদি শুনিলে।
8 তাৰ পাছত তেওঁলোকে স্পষ্টকৈ ঈশ্বৰৰ ব্যৱস্থা-পুস্তক পাঠ কৰিলে, আৰু লোকসকলে বুজিব পৰাকৈ তাৰ অৰ্থ বুজাই দিলে।
18 ইজ্ৰাই প্ৰথম দিনৰে পৰা শেষৰ দিনলৈকে প্ৰতি দিনে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পাঠ কৰিলে। তেওঁলোকে সাত দিন পৰ্ব্ব পালন কৰিলে; আৰু বিধি অনুসাৰে অষ্টম দিনা ধৰ্ম-সভা পালন কৰিলে।