Pular para o conteúdo
Publicidade

ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 4:17-21

17 আৰু যি দৰে লিখা আছে, 4:17 আ 17:5৷ মই তোমাক অনেক জাতিৰ আদিপিতৃ পাতিলো ৷ আব্ৰাহামে ঈশ্ৱৰত বিশ্ৱাস ৰাখি, তেওঁৰ সাক্ষাতে আছিল, কিয়নো তেওঁ বিশ্বাস কৰা ঈশ্ৱৰে মৃত লোকক জীৱন দান কৰে আৰু জড়ক জীৱলৈ সম্বোধন কৰে৷

18 "আৰু তোমাৰ বংশ এইদৰে হ’ব,"4:18 আ 15:5৷ এই বাক্য অনুসাৰে অনেক জাতিৰ পিতৃ হ’বলৈ, আশা নোহোৱাতো, তেওঁ ঈশ্ৱৰত আশা ৰাখি বিশ্বাস কৰিলে; 19 আৰু বিশ্বাসত দূৰ্বল নহৈ, নিজৰ প্ৰায় এশ বছৰ বয়সৰ শৰীৰক আৰু চাৰাৰ গর্ভক মৰাৰ নিচিনা অৱস্থাৰূপে মন কৰিছিল যদিও, 20 ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল; কিন্তু ঈশ্ৱৰে যি প্ৰতিজ্ঞা কৰিছিল, সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ধন্যবাদ দি, বিশ্বাসত বলৱান হ’ল।

21 ঈশ্ৱৰে তেওঁক যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা সম্পূর্ণভাৱে সিদ্ধ কৰিব পাৰে বুলি তেওঁ জানিছিল৷

Estes versículos te tocaram? Ore agora!

+581 estão orando agora.

Junte-se à corrente de oração.