36 এই বিষয়ে লিখাও আছে, 8:36 গীত 44:29
"আমি তোমাৰ কাৰণে ওৰে দিনটো হত হ’ব লাগিছোঁ৷
কাটিবলৈ নিয়া মেৰৰ দৰে আমি গণিত হ’লোঁ।"
37 তথাপি আমাক প্ৰেম কৰা জনৰ যোগেদি, এই সকলো কথাত আমি জয়তকৈয়ো জয়যুক্ত।8:37 1 কৰি 15:57; 1 যো 5:4, 5 38 কিয়নো মোৰ এনে দৃঢ় বিশ্বাস আছে যে, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গৰ দূত বা শাসনকৰ্তা, বৰ্ত্তমান বা ভবিষ্যত বিষয় বা পৰাক্ৰম, 39 ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱেই আমাক প্ৰভু খ্ৰীষ্ট যীচুত থকা ঈশ্বৰৰ প্ৰেমৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে।