14 তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।
15 তেতিয়া নয়মীয়ে ক’লে, "সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।" 16 কিন্তু ৰূথে ক’লে, "আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷ 17 আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।"