8 সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, "তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক। 9 তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।" তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে। 10 আৰু তেওঁক তেওঁলোকে ক’লে, "নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।" 11 তেতিয়া নয়মীয়ে ক’লে, "হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম? 12 হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ, 13 তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।" 14 তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।