15 কোনো ভাই বা ভনী উদঙে আৰু দৈনিক আহাৰৰ অভাৱত থাকিলে, 16 আপোনালোকৰ মাজৰ এজনে যদি সিহঁতক কয়, "তোমালোকে কুশলে যোৱা আৰু উম লগাই তৃপ্ত হবা"; কিন্তু আপোনালোকে সিহঁতৰ শৰীৰৰ প্ৰয়োজনীয় বস্তু যদি নিদিয়ে, তেনেহলে কি লাভ? 17 ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা।
Publicidade
Publicidade